G20 overview. (English Version)
The Group of Twenty (G20) is an international forum composed of the world's 20 largest economies, including the European Union. It was established in 1999, following the Asian financial crisis, to promote international financial stability and to discuss and address issues related to the global economy.
The members of the G20 represent around 80% of the world's economic output, 75% of global trade, and two-thirds of the world's population. The countries that make up the G20 are Argentina, Australia, Brazil, Canada, China, France, Germany, India, Indonesia, Italy, Japan, Mexico, Russia, Saudi Arabia, South Africa, South Korea, Turkey, the United Kingdom, the United States, and the European Union.
The G20 meets annually at the G20 summit, which is attended by the heads of state or government of its member countries, as well as representatives from international organizations such as the International Monetary Fund (IMF), the World Bank, and the United Nations. The G20 presidency rotates annually among its member countries, and the summit is typically hosted by the country holding the presidency.
The G20 discusses a wide range of topics related to the global economy, including economic growth, trade, finance, and development. Some of the key issues that have been discussed at recent G20 summits include:
Climate change: The G20 has recognized the urgent need to address climate change and has committed to working towards the implementation of the Paris Agreement on climate change.
International trade: The G20 has emphasized the importance of free and open trade and has pledged to resist protectionism and support the multilateral trading system.
Financial regulation: The G20 has implemented a number of measures to strengthen the global financial system and prevent another financial crisis, such as the Basel III regulatory framework for banks.
Development: The G20 has committed to promoting sustainable development and reducing poverty, particularly in low-income countries.
Digital economy: The G20 has recognized the importance of the digital economy and has discussed issues such as data protection, cybersecurity, and the impact of new technologies on the labor market.
The G20 has faced criticism for being too exclusive and for representing the interests of its member countries at the expense of other countries. However, it remains an important forum for international cooperation on economic issues and for promoting global economic stability and growth.
In conclusion, the Group of Twenty is a key forum for international economic cooperation, representing the world's largest economies and discussing a wide range of topics related to the global economy. Despite its shortcomings, the G20 remains an important platform for addressing economic challenges and promoting sustainable development on a global scale.
#This time for India
The 2023 G20 Delhi summit is the upcoming eighteenth meeting of Group of Twenty, a summit scheduled to take place in Pragati Maidan, New Delhi in 2023. India's presidency began on 1 December 2022, leading up to the summit in the fourth quarter of 2023.
Dates: Sat, 9 Sept, 2023 – Sun, 10 Sept, 2023
Location: Pragati Maidan Source
Motto: One Earth, One Family, One Future; (Sanskrit: वसुधैव कुटुम्बकम्, lit. The World Is One Family)
Participants: G20 members
Venue(s): Pragati Maidan, Delhi
জি২০ এক চমু অৱলোকন (Assamese Version)
গ্ৰুপ অৱ টুৱেণ্টি (G20) হৈছে ইউৰোপীয় সংঘকে ধৰি বিশ্বৰ ২০খন বৃহৎ অৰ্থনীতিসম্পন্ন ৰাষ্ট্ৰৰে গঠিত এখনি আন্তঃৰাষ্ট্ৰীয় মঞ্চ। এছিয়াৰ বিত্তীয় সংকটৰ পিছত , ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থিতিশীলতা বৃদ্ধিৰ বাবে আৰু বিশ্ব অৰ্থনীতিৰ সৈতে জড়িত সমস্যাসমূহৰ ওপৰত আলোচনা তথা সমাধানৰ অৰ্থে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
জি-২০ৰ সদস্যসকলে বিশ্বৰ অৰ্থনৈতিক উৎপাদনৰ প্ৰায় ৮০%, বিশ্ব বাণিজ্যৰ ৭৫% আৰু বিশ্বৰ জনসংখ্যাৰ দুই তৃতীয়াংশক প্ৰতিনিধিত্ব কৰে। জি-২০ দেশসমূহৰ ভিতৰত আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, ৰাছিয়া, চৌদি আৰব, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, তুৰস্ক, ব্ৰিটেইন , আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ নাম সন্নিবিষ্ট হৈ আছে।
জি-২০ৰ দেশসমূহৰ মাজত প্ৰতি বছৰে জি-২০ শীৰ্ষক সন্মিলন অনুষ্ঠিত হয়, য’ত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ বা চৰকাৰৰ মুৰব্বীসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ), বিশ্ব বেংক, ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰে। জি-২০ৰ অধ্যক্ষৰ কৰ্তৃত্ব বছৰি ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আৱৰ্তিত হৈ থাকে আৰু সাধাৰণতে অধ্যক্ষৰ পদ গ্ৰহণ কৰা দেশখনে এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰে।
জি-২০ত অৰ্থনৈতিক বৃদ্ধি, বাণিজ্য, বিত্ত আৰু উন্নয়নকে ধৰি বিশ্ব অৰ্থনীতিৰ সৈতে জড়িত বহুতো বিষয়ৰ ওপৰত আলোচনা কৰা হয়। শেহতীয়াকৈ জি-২০ সন্মিলনত আলোচনা কৰা মূল বিষয়সমূহৰ ভিতৰত আছে:
জলবায়ু পৰিৱৰ্তন: জি-২০-এ জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ জৰুৰী প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছিল আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত পেৰিছ চুক্তি ৰূপায়ণৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল।
আন্তঃৰাষ্ট্ৰীয় বাণিজ্যঃ জি-২০-এ মুক্ত বাণিজ্যৰ গুৰুত্বৰ ওপৰত জোৰ প্ৰদান কৰি সুৰক্ষাবাদৰ বিৰোধিতা কৰাৰ লগতে বহুপক্ষীয় বাণিজ্য ব্যৱস্থাক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
বিত্তীয় নিয়ন্ত্ৰণ: জি-২০-এ বিশ্বৰ বিত্তীয় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে আৰু আন এক বিত্তীয় সংকট প্ৰতিৰোধৰ বাবে কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰিছে, যেনে বেংকৰ বাবে বেচেল তৃতীয় নিয়ন্ত্ৰণ কাঠামো।
উন্নয়নঃ জি-২০-এ বিশেষকৈ কম আয়ৰ দেশসমূহত বহনক্ষম উন্নয়ন আৰু দৰিদ্ৰতা হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে।
ডিজিটেল অৰ্থনীতিঃ জি-২০-এ ডিজিটেল অৰ্থনীতিৰ গুৰুত্ব স্বীকাৰ কৰি তথ্য সুৰক্ষা, চাইবাৰ সুৰক্ষা আৰু শ্ৰম বজাৰত নতুন প্ৰযুক্তিৰ প্ৰভাৱ আদিৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
জি-২০ অত্যধিক একচেটিয়া আৰু আন দেশৰ প্ৰমূল্যক আওকাণ কৰি নিজৰ সদস্য ৰাষ্ট্ৰৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে। কিন্তু অৰ্থনৈতিক বিষয়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে আৰু বিশ্ব অৰ্থনৈতিক স্থিতিশীলতা আৰু বৃদ্ধিৰ বাবে ই এক গুৰুত্বপূৰ্ণ মঞ্চ হৈয়েই আছে বা অদূৰ ভৱিষ্যতেও থাকিব।
শেষত ক’ব পাৰি যে গ্ৰুপ অৱ টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ, যিয়ে বিশ্বৰ বৃহত্তম অৰ্থনীতিসমূহক প্ৰতিনিধিত্ব কৰে আৰু বিশ্ব অৰ্থনীতিৰ সৈতে জড়িত বহুতো বিষয়ৰ ওপৰত আলোচনা কৰে। অভাৱ-অভিযোগ থকাৰ পাছতো জি-২০ অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা আৰু বিশ্বজুৰি বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হৈয়েই আছে।
#এইবেলি জি ২০ সন্মিলন ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত
'২০২৩ জি-২০ দিল্লী ' সন্মিলন খনি হৈছে ২০২৩ চনত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ অৱ টুৱেণ্টীৰ অষ্টাদশখন বৈঠক। ভাৰতৰ অধ্যক্ষতা ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ২০২৩ চনৰ চতুৰ্থ ত্ৰৈমাসিকত শীৰ্ষত উপনীত হ'ব।
তাৰিখ: শনি, ৯ ছেপ্টেম্বৰ, ২০২৩ – ৰবি, ১০ ছেপ্টেম্বৰ, ২০২৩
স্থানঃ প্ৰগতি ময়দান
মূলমন্ত্ৰ: এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যত; (সংস্কৃত: বসুধৈৱ কুটুম্বকম, আক্ষৰিক অৰ্থ: জগত এক পৰিয়াল)
অংশগ্ৰহণকাৰী: জি-২০ৰ সদস্য
স্থান: প্ৰগতি ময়দান, দিল্লী