Part - 3(English Version)
POCSO ACT PUNISHMENT
Under Section 14 of the POCSO Act, punishment for using a child for pornographic purposes is provided. The Act lays down different punishments for offenders in various situations. For an act committed under Section 13, the punishment provided under Section 14(1) is imprisonment for a term that can extend up to five years, along with a fine. In case of repeat offences, the imprisonment may extend to seven years with a fine. If a child is used for pornographic activity and commits an offence under Section 3 of the POCSO Act, the punishment provided by the Act is a minimum imprisonment of two years, which may extend up to life imprisonment with a fine. If a child is used for pornographic purposes and an offence gets committed under Section 5, the accused is punishable with rigorous imprisonment for life and a fine.For the child used for pornographic purposes and an offence committed under Section 7, the accused is punishable with any form of imprisonment for a minimum of six years, which may extend to eight years, along with a fine.For the child used for pornographic purposes and the offence is committed under Section 9, the accused is punishable with any form of imprisonment for a minimum of eight years, which may extend to ten years, along with a fine. Additionally, the POCSO Act, 2012, makes it a punishable offence to store any pornographic material involving a child, with the punishment being imprisonment for a term that may extend up to three years with a fine or both.
Section 16 of the POCSO Act pertains to Abetment to commit an offence. It specifies the conditions under which a person can be charged with abetment, which include instigating someone to commit an offence, conspiring with others to commit an offence, or intentionally aiding an illegal act or omission. The punishment for such acts of abetment and attempts to commit an offence is provided under section 17 and section 18 of the POCSO Act.
Section 17 of the POCSO Act deals with punishment for abetment and attempts to commit a crime under section 18. The punishment for abetment is the same as that for the offender, while in case of an attempt to commit an offence, the person is punished with half of the punishment given to the offender.
তৃতীয় ভাগ (অসমীয়া সংস্কৰণ)
POCSO আইনৰ শাস্তি বিধান
POCSO আইনৰ ১৩ নং ধাৰা শিশুক পৰ্ণগ্ৰাফিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ লগত জড়িত। যিকোনো ধৰণৰ মাধ্যমৰ জৰিয়তে শিশুক যৌন সন্তুষ্টিৰ বাবে ব্যৱহাৰ কৰা যিকোনো ব্যক্তিক এই ধাৰাত অপৰাধী বুলি গণ্য কৰা হয়। যৌন সন্তুষ্টিৰ ভিতৰত শিশুৰ যৌন অংগসমূহৰ প্ৰতিনিধিত্ব কৰা, শিশুক বাস্তৱত বা কোনো অনুকৰণীয় যৌন কাৰ্য্যত লিপ্ত কৰা, (সেয়া লাগিলে ভেদকাৰী যৌন নিৰ্যাতনে হওক বা নহওক) আৰু শিশুক অভদ্ৰ বা অশ্লীলৰূপত প্ৰতিনিধিত্ব কৰা আদি বিষয়সমূহৰ অৰ্ন্তভুক্তি কৰা হৈছে।
POCSO আইনৰ ১৪ নং ধাৰাত শিশুক পৰ্ণগ্ৰাফিক কামত ব্যৱহাৰ কৰিলে দোষীক কি শাস্তি দিয়া হ'ব তাৰ বৰ্ণনা দিয়া হৈছে। এই আইনখনত বিভিন্ন পৰিস্থিতিত অপৰাধীয়ে পাবলগীয়া বিভিন্ন শাস্তিৰ ব্যৱস্থা কৰা হৈছে। ১৩ নং ধাৰা অনুযায়ী দোষী সাব্যস্ত হোৱা কোনো কাৰ্য্যৰ বাবে ১৪(১) ধাৰাত প্ৰদান কৰা শাস্তি হ’ল কাৰাগাৰলৈ প্ৰেৰণ বা এই শাস্তিৰ পৰিণাম জৰিমনা সহ পাঁচ বছৰলৈকে সম্প্ৰসাৰিতও হ'ব পাৰে। বাৰে বাৰে সংঘটিত কৰা অপৰাধৰ বা অপৰাধৰ পুনৰাবৃত্তি ঘটিলে জৰিমনাসহ কাৰাদণ্ডৰ সময়সীমা সাত বছৰলৈ বৃদ্ধি পাব পাৰে। যদি কোনো শিশুক অশ্লীল কামত ব্যৱহাৰ কৰা হয় আৰু তেওঁ POCSO আইনৰ ধাৰা ৩ৰ অধীনত অপৰাধ কৰে, তেন্তে আইনখনে তেওঁক নূন্যতম ২ বছৰৰ শাস্তি প্ৰদান কৰিব যিটো জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডলৈকে বিস্তৃত হ'ব পাৰে। যদিহে, অশ্লীল উদ্দেশ্য সাধনৰ বাবে শিশুক ব্যৱহাৰ কৰা হয় আৰু POCSO আইনৰ ৫ নং ধাৰাত কোনো অপৰাধ সংঘটিত কৰা হয় তেন্তে অভিযুক্তক আজীৱন সশ্ৰম কাৰাদণ্ড আৰু জৰিমনা বিহা হয়। শিশুক অশ্লীল উদ্দেশ্যত ব্যৱহাৰ কৰিলে লগতে POCSO শাস্তি আইনৰ ধাৰা ৭ৰ অধীনত কোনো অপৰাধ সংঘটিত কৰিলে অভিযুক্তক যিকোনো ধৰণৰ নূন্যতম ছবছৰ কাৰাদণ্ড দিয়া হয়, যিটো জৰিমনাসহ আঠ বছৰলৈকে বৃদ্ধি পাব পাৰে। কোনো শিশুক যৌন উদ্দেশ্য সাধনৰ বাবে প্ৰয়োগ কৰিলে আৰু POCSO Act Punishment ৰ ধাৰা ৯ৰ অধীনত কোনো অপৰাধ কাৰ্য কৰিলে, অভিযুক্তক অতি কমেও আঠ বছৰৰ বাবে যিকোনো ধৰণৰ কাৰাদণ্ড বিহা হয়, যিটো জৰিমনাসহ দহ বছৰলৈকে বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও, POCSO আইন, ২০১২ৱে শিশুৰ সৈতে জড়িত যিকোনো অশ্লীল সামগ্ৰী ৰখাক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰে। এনে ক্ষেত্ৰত অপৰাধীক জেললৈ প্ৰেৰণ কৰা হয় যিটো জৰিমনাসহ তিনি বছৰৰ সময়সীমালৈ দীঘলীয়া হ'ব পাৰে।
POCSO আইনৰ ১৬ নং ধাৰাত অপৰাধ সংঘটিত কৰিবলৈকে কাৰোবাক সহায় আগবঢ়াই অপৰাধত লিপ্ত হোৱাৰ বিষয়ে উল্লেখ কৰিছে। তলত উল্লেখ কৰা পৰিস্থিতিকেইটা সাপেক্ষে অপৰাধমূলক কাৰ্য কৰিবলৈ উচটনি দিয়া অপৰাধত কোনো ব্যক্তিক অভিযুক্ত কৰা হয় -
১)অপৰাধ কৰিবলৈ কাৰোবাক উচটালে।
২)আনৰ সৈতে অপৰাধ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰা বা জানি-বুজি কোনো অবৈধ কাৰ্য্য নতুবা অগ্ৰহণীয় কাৰ্য সম্পন্ন কৰিলে।
POCSO আইনৰ ১৭ আৰু ১৮ নং ধাৰাত এনে সহযোগিতা বা উচটনি দিয়া আৰু অপৰাধ সংঘটিত কৰাৰ চেষ্টাৰ বাবে শাস্তি প্ৰদানৰ ব্যৱস্থা আছে।
POCSO আইনৰ ১৭ নং ধাৰাত উচটনি দিয়া কাৰ্যৰ বাবে শাস্তি আৰু ১৮নং ধাৰাত অপৰাধ সংঘটিত কৰিবলৈ কৰা প্ৰয়াসৰ বাবে শাস্তিৰ বিধান দিয়া হৈছে। অপৰাধ কৰিবলৈ উচটনি দিয়াজনক অপৰাধ কৰাজনৰ সমানে শাস্তি প্ৰদান কৰা হয় আনহাতে অপৰাধ কাৰ্য কৰিবলৈ প্ৰয়াস কৰা অপৰাধৰ ক্ষেত্ৰত অপৰাধী জনে পোৱা শাস্তিৰ অৰ্ধেক হাৰৰ শাস্তি প্ৰয়াসকাৰীজনে পায়।
No comments:
Post a Comment