Explaining POCSO Act Penalties
Part- 1 (English Version)
The Protection of Children from Sexual Offences (POCSO) Act was introduced in November 2012 by the Ministry of Women and Child Development as a comprehensive act to address offences related to children. The POCSO Act aims to protect children from sexual assault, sexual harassment, and pornography, and it covers all types of sexual abuse.
The enactment of the POCSO Act increased the scope of reporting sexual crimes against children. The act defines various types of offences, including touch-based, non-touch, penetrative, and pornographic crimes, and it recognizes both girls and boys as victims of sexual violence.
The POCSO Act was enacted to safeguard the interests of children and ensure that they are protected from sexual offences. The Indian Penal Code (IPC) was inadequate to address sexual assault, sexual harassment, pornography, and sexual violence against children, and the procedure for the crimes reported under IPC was not child-friendly. The POCSO Act addresses these gaps in the IPC and provides a child-friendly procedure for reporting crimes.
India is a signatory of the United Nations Convention on Rights of Children (UNCRC), and the POCSO Act fulfils the requirement of Article 15(3) of the Constitution of India by providing a child-friendly procedure from the filing of the report. The act defines a person under the age of 14 as a child and has provisions to give compensation to the victim.
The POCSO Court has the jurisdiction to deal with matters related to the act, and the "innocent till proven guilty" principle does not apply to POCSO cases. Once a complaint is filed, it is presumed that the accused had the intention to commit a sexual act. If a child goes through abuse at home, the Child Welfare Commission will relocate the child for care and protection.
Child sexual abuse is a severe problem in India, with cases being reported every day. According to a 2007 report by the Women and Child Development, 53.2% of children have faced more than one form of sexual abuse, with 52.94% of the children being boys. Abusers are often people who know the child personally and are in a position of trust and responsibility, which makes reporting the cases difficult.
The National Crime Reports Bureau released a report in 2018, stating that the number of reported rape cases was 21,605. However, the actual number of offences is much higher, and the situation becomes severe when the person committing the crime is trustworthy and close to the child's family. The POCSO Act is an essential tool to protect children from sexual offences and to provide them with a safe and secure environment.
POCSO আইনৰ আওতাত পৰা শাস্তিৰ ব্যাখ্যা
প্ৰথম ভাগ (অসমীয়া সংস্কৰণ)
'যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইন' খন ২০১২ চনৰ নৱেম্বৰ মাহত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে শিশুৰ সৈতে জড়িত অপৰাধৰ সমাধানৰ বাবে এক ব্যাপক বা সৰ্বাত্মক আইন হিচাপে প্ৰৱৰ্তন কৰিছে। POCSO আইনখনৰ লক্ষ্য হৈছে শিশুসকলক যৌন নিৰ্যাতন অথবা শাৰীৰিক আতিশয্য আৰু পৰ্ণগ্ৰাফীৰ পৰা ৰক্ষা কৰা ।এই আইনখনৰ অধীনত শিশুৰ লগত সম্বন্ধিত সকলো ধৰণৰ যৌন শোষণ সামৰি লোৱা হৈছে।
POCSO আইন প্ৰণয়নৰ লগে লগে শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগ (ৰিপ'ৰ্ট ) দিয়াৰ পৰিসৰ বৃদ্ধি পাইছে। এই আইনখনে স্পৰ্শভিত্তিক, স্পৰ্শ নকৰা, ভেদকাৰী আৰু অশ্লীল অপৰাধকে ধৰি বিভিন্ন ধৰণৰ অপৰাধৰ সংজ্ঞা দিয়ে আৰু ইয়াত ছোৱালী আৰু ল’ৰা উভয়কে যৌন হিংসাৰ বলি হোৱা বুলি কোৱা হৈছে।
শিশু স্বাৰ্থৰ সৰ্বাংগীণ সুৰক্ষা আৰু যৌন অপৰাধৰ পৰা যাতে সুৰক্ষিত হয় তাৰ বাবে POCSO আইন প্ৰণয়ন কৰা হৈছিল। শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতন নতুবা শাৰীৰিক উৎপীড়ন, যৌনপৰ্ণগ্ৰাফী আৰু যৌন হিংসাৰ সমাধানৰ বাবে ভাৰতীয় দণ্ডবিধি অপৰ্যাপ্ত আছিল আৰু আই পি চিৰ অধীনত ৰিপ’ৰ্ট কৰা অপৰাধৰ প্ৰক্ৰিয়াটো শিশু অনুকূল নাছিল। পি অ’ চি এছ অ’ (POSCO)আইনখনে আই পি চিৰ এই সুৰুঙাবোৰ আঁতৰাই অপৰাধৰ ৰিপ’ৰ্ট দিয়াৰ বাবে শিশুৰ অনুকূল পদ্ধতি প্ৰদান কৰে।
ভাৰত হৈছে ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ সন্ধি (UNCRC)ৰ স্বাক্ষৰকাৰী দেশ লগতে POCSO আইনখন প্ৰযোজ্য হোৱাৰ ফলত প্ৰতিবেদন দাখিলৰ বাবে শিশু অনুকূল পদ্ধতিৰ ব্যৱস্থা কৰি ভাৰতীয় সংবিধানৰ ১৫(৩) অনুচ্ছেদৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে। এই আইনত ১৪ বছৰৰ তলৰ ব্যক্তিক শিশু হিচাপে সংজ্ঞায়িত কৰা হৈছে আৰু ভুক্তভোগীক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
আইনখনৰ সৈতে জড়িত গোচৰসমূহৰ সৈতে মোকাবিলা কৰাৰ অধিকাৰ POCSO আদালতৰ আছে, আৰু "দোষী প্ৰমাণ নোহোৱালৈকে নিৰ্দোষী"ৰ নীতি POCSO গোচৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। এবাৰ অভিযোগ দাখিল কৰিলে অনুমান কৰা হয় যে অভিযুক্তৰ যৌন কাৰ্য্য সংঘটিত কৰাৰ উদ্দেশ্য আছিল। যদি কোনো শিশু ঘৰত নিৰ্যাতনৰ বলি হয় তেন্তে শিশু কল্যাণ আয়োগে শিশুটিক যত্ন আৰু সুৰক্ষাৰ বাবে নিৰাপদ স্হানলৈ পঠিয়ায়।
ভাৰতত শিশুৰ যৌন নিৰ্যাতন এক গুৰুতৰ সমস্যা, প্ৰতিদিনে গোচৰৰ খবৰ পোৱা যায়। ২০০৭ চনত মহিলা আৰু শিশু বিকাশৰ প্ৰতিবেদন অনুসৰি ৫৩.২% শিশুৱে এটাতকৈ অধিক ধৰণৰ যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে, যাৰ ভিতৰত সৰহ সংখ্যক অৰ্থাৎ ৫২.৯৪% ল’ৰা। নিৰ্যাতনকাৰীসকল প্ৰায়ে এনে লোকেই হয় যিয়ে শিশুটিক ব্যক্তিগতভাৱে চিনি পায় আৰু বিশ্বাস আৰু দায়িত্বশীল অৱস্থাত থাকে, যাৰ ফলত বিষয়সমূহৰ ৰিপৰ্ট দিয়াটো কঠিন হৈ পৰে।
২০১৮ চনত 'নেশ্যনেল ক্ৰাইম ৰিপ’ৰ্টছ ব্যুৰো'ৱে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ধৰ্ষণৰ সংখ্যা ২১,৬০৫। কিন্তু প্ৰকৃত অপৰাধৰ সংখ্যা বহুত বেছি, আৰু অপৰাধ সংঘটিত কৰা ব্যক্তিজন যেতিয়া বিশ্বাসযোগ্য আৰু শিশুটিৰ পৰিয়ালৰ ঘনিষ্ঠ হয় তেতিয়া পৰিস্থিতি ভয়াৱহ হৈ পৰে। শিশুক যৌন অপৰাধৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকক সুৰক্ষিত আৰু সুৰক্ষিত পৰিৱেশৰ ব্যৱস্থা কৰাৰ বাবে POCSO আইনখন এক অপৰিহাৰ্য আহিলা।
No comments:
Post a Comment