প্ৰকৃত সৌন্দৰ্যৰ অনুসন্ধানত...
আধ্যাত্মিক সৌন্দৰ্যৰ দৰে নান্দনিক সৌন্দৰ্যৰো মানৱীয় জীৱনত প্ৰমূল্য আছে । প্ৰাকৃতিক বা মানৱসৃষ্ট কোনো বস্তুৰ আকৰ্ষণীয় ৰূপে মানুহৰ চিত্তক অজানিতে আকৰ্ষিত কৰে আৰু পৰম তৃপ্তি প্ৰদান কৰে । জীৱনক ৰঙীণ আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নান্দনিক সৌন্দৰ্যৰো প্ৰয়োজন আছে কিন্তু এই নান্দনিক সৌন্দৰ্যৰ দৃষ্টি কেৱল মাত্ৰ মানুহৰ দৈহিক আকাৰ-আকৃতিৰ ওপৰত আৰোপ কৰিলে সমাজ ব্যৱস্থা যে বিপৰ্যস্ত হ'ব ই নিশ্চিত।যিটো আজিৰ প্ৰেক্ষাপটত একেবাৰে প্ৰাসংগিক। ফেশ্বনৰ ৰঙীণ বিজ্ঞাপনে গ্ৰাস কৰা আজিৰ প্ৰজন্মৰ সৰহ সংখ্যকে হীনমন্যতাত ভোগে -অলপ শকত হোৱা হ'লে ,অলপ ক্ষীণ হোৱা হ'লে,অলপ বগা হ'লে ,অলপ ওখ হোৱা হ'লে...ভগৱানে বাৰু কিয় মোক এনেকৈ স্ৰজিলে ! ইত্যাদি ইত্যাদি সৃষ্টিকৰ্তাৰ প্ৰতি প্ৰায়ে জাহিৰ কৰে ওজৰ আপত্তি।
লাভ কি ? মানসিক ক্লান্তি অপৰাধ প্ৰৱণতা আৰু ভ্ৰান্তি। সৌন্দৰ্যৰ নামত চলা এনে অঘোষিত প্ৰতিযোগিতাই যুৱ চামক বিভ্ৰান্ত কৰিছে। ইয়াৰ মূল কাৰণটি হ'ল আধ্যাত্মিক বা মনস্তাত্বিক সৌন্দৰ্যৰ পৰা দূৰত অৱস্হান । মানুহ এজনৰ ব্যক্তিত্বৰ সৌন্দৰ্য শাৰিৰীক সৌন্দৰ্যতকৈ বহু গুণে ওপৰত। প্ৰখ্যাত ব্ৰাজিলিয়ান ফুটবলাৰ পেলে দেখিবলৈ ক'লা আছিল যদিওঁ গোটেই পৃথিৱীতে বিৰাজমান তেওঁৰ গুণমুগ্ধই সেই ক'লা খিনিতে ক'লা হীৰাৰ সন্ধান বিচাৰি পাইছিল। পেলে যেতিয়া ফুটবল ক্ৰীড়াঙ্গনত পদাৰ্পণ কৰিছিল আৰু ঘামত তিতি বুৰি তেওঁৰ গাৰ ক'লা ৰঙটি আৰু অধিক তেল-তেলীয়া হৈছিল তেতিয়াই সহস্ৰ অনুৰাগীয়ে তাত ক'লা হীৰাৰ চমক অনুভৱ কৰিছিল। এয়া কেৱল পেলেৰ দক্ষতা তথা ব্যক্তিত্ব আৰু অনুৰাগীসকলৰ তেওঁৰ প্ৰতি থকা আধ্যাত্মিক সৌন্দৰ্যৰ ফলশ্ৰুতিহে,যিয়ে পেলেক অতি শীঘ্ৰে ফুটবলৰ ক'লা হীৰালৈ ৰূপান্তিৰত কৰিলে।
''ৰূপে কি কৰে ,গুণেহে সংসাৰ তৰে '' এই কথাষাৰি প্ৰকৃতাৰ্থতে ধ্ৰুৱ সত্য। পৌৰাণিক উপাখ্যান সমূহতো ইয়াৰ উদাহৰণ পোৱা যায় ।হেলেন প্ৰচুৰ সৌন্দৰ্যৰ অধিকাৰী নহ'লে হয়তো গ্ৰীক আৰু ট্ৰজানৰ মাজত সুদীৰ্ঘ দহবছৰ ধৰি কাজিয়াৰ সৃষ্টি নহ'লহেঁতেন । ভগৱান বিশ্বকৰ্মই তিলোত্তমাক গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰূপৰ উৎসৰ পৰা তিল তিলকৈ ৰূপ হৰণ কৰি সৃষ্টি নকৰিলে হয়তো সুন্দ আৰু উপসুন্দ দুয়ো অসুৰ ভাতৃৰ মাজত সংঘাতৰ সৃষ্টি নহ'লহেঁতেন। চয়তানে সুন্দৰী মহিলাৰ ভেশত প্ৰকাশ্য নহ'লে হয়তো হাবিল আৰু কাবিলৰ মাজত ভাতৃহন্তাৰ সৃষ্টি নহ'লহেঁতেন।
আধ্যাত্মিক সৌন্দৰ্যৰ আঁত ধৰি আখ্যান-উপাখ্যানৰ পৃথিৱীখনৰ পৰা এইবাৰ আহো সাম্প্ৰতিক সময়ৰ এটি জলন্ত উদাহৰণলৈ। এই জলন্ত উদাহৰণৰ মূল নায়িকা গৰাকী হ'ল পৃথিৱীৰ আটাইতকৈ কুৎসিৎ মহিলা লিজি ভেলাচকিউৱেজ(Lizzie Velasquez)। লিজি ভেলাচকিউৱেজে ১৯৮৯ চনত টেক্সাচত জন্মগ্ৰহণ কৰিছিল। দেখাত এগৰাকী ভয়ংকৰ কুৎসিৎ আৰু চকু এটা অন্ধ। সভ্য সমাজে তাইক বিশ্বৰ আটাইতকৈ কুৎসিৎ নাৰী হিচাপে স্বীকৃতি দিছে।
সমাজৰ সকলোৱে তাইক আত্মহত্যা কৰিবলৈ, সমাজৰ পৰা লুকাই থাকিবলৈ কৈছিল। কিন্তু তাই কাৰো কথাত গুৰত্ব নিদি নিজেই জীৱনত চাৰিটা বস্তু ঠিক কৰি ল'লে। প্ৰথমটো-এগৰাকী সুবক্তা হোৱা,দ্বিতীয়টো-স্নাতক ডিগ্ৰী লাভ কৰা,তৃতীয়টো-নিজৰ লিখা কিতাপ প্ৰকাশ কৰা আৰু চতুৰ্থটো নিজৰ কেৰিয়াৰ তথা পৰিয়াল গঢ়া।
তাইৰ প্ৰথমটো লক্ষ্য আগত ৰাখিয়েই যোৱা দহ বছৰৰ ভিতৰত ৪০০ তকৈয়ো অধিক বেছি ৱৰ্কশ্বপত ভাষণ প্ৰদান কৰিছে। টেক্সাচ ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে ।কেনেকৈ অভিনৱত্বক স্বীকৃতি দিব লাগে,ঘাত প্ৰতিঘাত অতিক্ৰম কৰি কেনেকৈ জীৱনক গ্ৰহণ কৰিব লাগে,প্ৰতিকূল পৰিৱেশত নিজকে কেনেকৈ খাপ খুৱাব লাগে,আনক ভাল পোৱাৰ আগতে নিজকে কিয় ভাল পাব লাগে..দহ বছৰ ধৰি এই বিষয়ৰ ওপৰতেই বক্তৃতা দি আহিছে লিজিয়ে আৰু আজি এগৰাকী সুবক্তা হিচাপে গোটেই পৃথিৱীত স্বীকৃতি পাইছে।
২০১০ চনত লিজিয়ে লিখিলে তাইৰ আত্মজীৱনীমূলক কিতাপ ''Lizzie Beautiful",২০১২চনত তাইৰ দ্বিতীয় খন কিতাপ "Be Beautiful, Be You'' প্ৰকাশ পোৱাৰ লগে লগে গোটেই বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
এদিন Twitter ত লিজিৰ এজন বন্ধুৱে লিখিছিল -"This young woman is a very good example of what it means to be truly beautiful." আৰু এজন বন্ধুৱে কৈছিলে -"লিজি কুৎসিৎ নহয়।কুৎসিৎ হ'ল আমাৰ চকু।"
লিজিৰ মাকে কয় -"I love Lizzie ,I would be proud to be her Mom."
Lizzie Velasquez
বহু কাল ৰাত্ৰিৰ গণনা পৰিহাৰ কৰি লিজি আজি মনৰ গতিৰে অপ্ৰতিৰোধ্য, জীৱন পথৰ দ্ৰুত যাত্রী। কিন্তু আমি সুস্থ-সবল মানুহ হৈয়ো কিয় সঘনাই ইমান নিৰাশাত ক্ষুণ্ণ !জীৱনৰ সৰু সৰু কথাতে আত্মহত্যা কৰোঁ। নিজৰ ৰূপ -চেহেৰা,ধন সম্পত্তি, প্ৰেমৰ বাবে কিয় মূল্যৱান জীৱন শেষ কৰি দিওঁ। Fair and Lovely ,Lux ৰ বিজ্ঞাপন দেখি ,আনৰ ধন সম্পত্তি দেখি কিয় হীনমন্যতাত ভুগো!!
সুস্হ সবল বা পৰিপাটি হৈ থকাৰ প্ৰতিযোগিতা হ'ব পাৰে কিন্তু শাৰীৰিক সৌন্দৰ্যক লৈ কেতিয়াওঁ হ'ব নোৱাৰে কাৰণ দৈহিক সৌন্দৰ্য সৃষ্টিকৰ্তাৰহে বৰদান। ইয়াত মানুহৰ বৰ বিশেষ একো এটা কৰিবলৈ নাথাকে । শাৰীৰিক সৌন্দৰ্যক লৈ প্ৰতিযোগিতা বা গৰ্ব কৰাটো এক মূৰ্খামিৰ বাহিৰে অইন একো নহয় । আন নালাগে আমি দাপোণত যি নিজৰ প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰো সেয়াওঁ আচলতে এক নকল প্ৰতিফলনহে। বিজ্ঞানৰ পৰিভাষাত যাক পাৰ্শ্ববিলোমন বুলি কোৱা হয়।।
✍️ ©মোত্তাকিনুৰ ৰহমান
No comments:
Post a Comment